কবি চৌধাৰীআৰুচৌধাৰীদেৱৰ কবিতাকবি চৌধাৰীৰ বৈশিষ্ট্য

The poet's eye, in a fine frenzy rolling, Doth glance from heaven to earth, from earth to heaven, And, as imagination bodies forth The forms of things unknown, the poet's pen Turns them to shapes and gives to airy nothing A local habitation and a name.

Shakespeare: A Mid Summer Night's Dream.

সাহিত্যৰ তিনিটা স্তৰ। উপলব্ধি, অনুভূতি আৰু ভাৱ প্রকাশ। কিছুমান শব্দৰ সমষ্টিয়ে ভাষা নহয় শব্দৰ লগত এটা সচেতন চিন্তা নিহিত থাকে। ইন্দ্ৰিয়ৰ সহায়ত উপলব্ধি কৰিব পৰা অনুভূতিবিলাকৰ শব্দময় অভিব্যক্তিয়ে ভাষা। মানুহৰ সচেতন চিন্তাধাৰাক ভাষাই পৰিচালিত কৰি সাহিত্য সৃষ্টি কৰে।

ৰঘুনাথ চৌধাৰী: সভাপতিৰ অভিভাষণ,

ষোড়শ অধিবেশন, অসম সাহিত্য সভা।

ৰঘুনাথ চৌধাৰী অসমৰ একনিষ্ঠ প্রকৃতি কবি। নিষ্ঠা আৰু প্রভাব বলত কবিয়ে এখন সুন্দৰ, শুদ্ধ কল্পনাৰ জগত সৃষ্টি কৰিছে-ইয়াত যেয়ে সোমায়, সেয়ে খন্তেকৰ কাৰণে দুখ ভাগৰ পাহৰি শান্তিৰ জুৰ মলয়াত নিজৰ মনপ্রাণ জুৰ পেলায়। গোটেই কবিতাখিনিৰ মাজত প্রকৃতিৰ প্রতি কবিৰ গভীৰ আত্মোৎসর্গ আক নিবিড় আত্মীয়তাৰ ভাব প্রকাশ পাইছে। প্রতিটো কবিতাই কবিৰ অনুভূতিশীল অন্তৰৰ নিভৃততম কোণৰপৰা নিজৰি ওলোৱা স্বতঃস্ফূর্ত আবেগৰ ঢৌ; যেনিবা একোটি উজ্জ্বল, নির্মল নিয়ৰৰ টোপালহে। চিৰকুমাৰ চৌধাৰীদেৱে আজীৱন প্রকৃতিৰ ৰেহ-ৰূপ চাইছে, প্রকৃতিৰ বুকুত বহা সৌন্দর্য'ৰ মহামেলা চাই তন্ময় হৈছে। কবিৰ কল্পনা বিলাসী মন; সৌন্দর্য-পিপাসু দৃষ্টি। প্রকৃতিৰ ৰূপ-লাবণ্যৰ প্রতিটো ৰেখাতে তেওঁৰ দৃষ্টি পৰিছে; প্রকৃতিৰ ৰূপে তেওঁক উন্মনা কৰিছে। একোতে তেওঁৰ মনৰ হেঁপাহ নপলায়। পিয়াহ নুগুচে। যিমানেই দেখে, সিমানেই প্রকৃতিৰ ওচৰ চাপি আহে, তেওঁৰ কৌতূহলী মন সিমানেই বেছি কৌতূহলী আৰু ব্যগ্র হৈ পৰে। এই দৃশ্যমান জগতখনে তেওঁক আপোন পাহৰা কৰি তুলিছে:-

মোহন মুৰতিখনি 

প্রাণ ভৰি চাওঁ

চকুৰ নপৰে ছেদ

তধা লাগি ৰও।

চাওঁতে চাওঁতে কবি বিভোৰ হৈ উঠে; যেন প্রকৃতিৰ বুকুত তেওঁ হেৰাই যায়: প্রকৃতি আৰু কবি, দুয়ো যেন এক, অভিন্ন আৰু অবিচ্ছেদ্য:

দুইৰো দুখনি হিয়া একেখনি হই বন্ধা আছে প্রণয় ডোলত

কদাপিতো দুজনৰ নহ'ব বিচ্ছেদ।

চৌধাৰীৰ কবিতা এই একাগ্র চিন্তাৰ ফল। ৰামধনুৰ সাতোটা ৰঙৰ দৰে চৌধাৰীৰ কবিতাতো ফঁহিয়াই চালে ভিন ভিন ৰঙৰ সমাবেশ হোৱা দেখিবলৈ পোৱা যায়। কিন্তু, কবিতা মানুহৰ বিশ্লেষণী শক্তিৰ উপঢৌকন নহয়। কবিতা উপভোগৰ বস্তু, আনন্দৰ উপকৰণ। কবিতা পাঠে যদি পাঠকৰ হৃদয় জয় কৰিব নোৱাৰে,আনন্দৰ অনুভূতি জগাই তুলিব নোৱাৰে, তেনেহলে সেই কবিতাত আটৰ অভাৱ হৈছে বুলি জানিব পাৰি। ৰঘুনাথ চৌধাৰীৰ কবিতা চিন্তা জগতৰ নীৰস বস্তু নহয়। মানুহৰ আদৰৰ সেউজবুলীয়া পৃথিৱীখনৰপৰা কবিয়ে কেইপাহমান আটকধুনীয়া ফুল-পাত গোটাই তেওঁৰ কাব্য-কানন ৰচনা কৰিছে। সৰুকৈ সজা, নিকাকৈ ৰখা এই ফুলনিখনৰ কোনো কথাকে পাঠকৰ আচহুৱা যেন নেলাগে। ইন্দ্রিয়ই ঢুকি পোৱা বিষয়বস্তুখিনিকে কবিয়ে কল্পনাৰ উম দি, আবেগ অনুভূতিৰ সাঁচত ঢালি নতুন ৰূপত সজাই তুলিছে। সাজ-পাৰৰ চাকচিক্যই, সাজোন-কাচোনৰ পাৰিপাট্যই চাওঁতাৰ চকুত চমক লগায়। সাঙ্গ-পাৰৰ লয়লাসৰ মাজত আকৌ যেতিয়া চিনাকি জনক লগ পোৱা যায়, তেতিয়া মনৰ আনন্দৰ সীমা নোহোৱা হয়-'অনূতং প্রিয়দর্শনম্'। কেতেকী চৰাইৰ গীত শুনিলে সকলোৱে আনন্দ-পায়। গোলাপ ফুল ফুলি থকা দেখিলে সকলোৰে মনত ভাল লাগে। কিন্তু যেতিয়া বেবিলনৰ শূন্যোদ্যানখনকে গোলাপ ফুলৰ সুকোমল সৌন্দৰ্যৰ পৰশত ঠন ধৰি উঠা বুলি কল্পনা কৰোঁ, তেতিয়া আমাৰ মনৰ আনন্দ আৰু গভীৰ, আৰু সূক্ষ্ম হৈ পৰে। যেতিয়া ভাবো, শ্রীকৃষ্ণৰ ভুৱনভুলোৱা বেণু কেতেকী চৰাইৰ মাতকে অনুকৰণ কৰি সজা হৈছিল, তেতিয়া কেতেকীৰ মৌমাতাষাৰি আমাৰ কাৰণে আৰু মধুৰ, আৰু আপোন হৈ উঠে। এইদৰে প্ৰকৃতিৰ সংসৰ্গত উদ্ভৱ হোৱা মানুহৰ স্বাভাৱিক হর্ষ বা বিষাদৰ ভাৱসমূহক কবি চৌধাৰীয়ে সুন্দৰ আৰু মহান, ব্যাপক আৰু গভীৰ কৰি তুলিছে। কল্পনাৰ ঐন্দ্রজালিক শক্তিৰ বলত কবিয়ে যি অনুভূতিৰ ৰসমণ্ডল সৃষ্টি কৰিছে তাত কাব্যামোদী আৰু ৰসগ্রাহী পাঠকে কেতিয়াও তৃপ্তি আৰু ভোগৰ সামগ্ৰীৰ অভাৱ অনুভৱ কৰিব নালাগে।

বঘুনাথ চৌধাৰী কবিসুলভ সকলোবোৰ সহজাত গুণৰে অধিকাৰী। প্রকৃতিৰ লগত পৰিচয় হ'বলৈ তেওঁ কিতাপৰ পাত লুটিয়াব লগা হোৱা নাছিল। প্রকৃতি পাঠৰ কাৰণে তেওঁ যেনিবা জন্মতে সষ্টম হৈ আহিছিল।তেওঁৰ প্রতিটো ৰসগ্রাহী ইন্দ্রিয়ই সক্রিয় আৰু তীক্ষ্ণ। ইন্দ্রিয়সমূহৰ সঞ্চালনৰ দ্বাৰা তেওঁ অনায়াসে বস্তু জগতৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ হৃদয়ঙ্গম কৰি লব পাৰে। তেওঁৰ চকুত তীব্র দৃষ্টি। তন্ন তন্নকৈ তেওঁ সকলো বস্তুকে চাই গৈছে:-

বিন্দু বিন্দু হিম কণা শ্যামল বনত জ্যোতির্ময় ৰূপে আছে জ্বলি।

শুভ্র জ্যোৎস্নাময় মধু পূর্ণিমা ঢালে চন্দ্রামৃত প্রেম মাধুৰিমা।

কুঞ্জে কুঞ্জে মালতীৰ মহা সমাৰোহ প্রাণভৰা শেৱালীৰ হাঁহি।

মন্দিৰৰ উপেক্ষিত ৰৱাৱ ফুলেও দিছে যাচি প্রেম পৰিমল।

তেওঁৰ চকুত ধৰা দিয়ে:-

জগতৰ যত সৌন্দর্য্য সুষমা অনবদ্য ৰূপ অতি মনোৰমা।

বস্তু চোৱাত তেওঁ যিমান পাকৈত, শব্দ শুনাতো তেওঁ সিমান চতুৰ।

কাণ তেওঁৰ সদায় সজাগ:-

কেতেকী পাৰিলে ৰিং দুৱাৰ দলিত আৰতিৰ পৰিল উৰুলি অমৃতৰ পৰশন লাগি হৃদয়ত লয়-লাসে বাজিল মূৰলি।

বাজিল কীচক বেণু ললিত লয়েৰে প্রকৃতিৰ কাম্য কাননত।
আৰু চৌধাৰীদেৱৰ কবিতা

নানা চিত্র বিচিত্ৰৰ বন বিহঙ্গমে

শ্রবে সুধা সঙ্গীত লহৰ।

অনাহত সুৰে বাজে বনবীণা বেণু

তুলি কত তৰঙ্গ হিল্লোল।

কেতেকীৰ কোমল সঙ্গীতে কবিৰ কাণত এনে কুহক ৰচনা কৰিলে 'যে, সেই মধুৰ গুঞ্জনৰ তীব্র আকৰ্ষণৰ ফলত মনোৰম কাব্য "কেতেকী"ৰ সৃষ্টি হৈছে। কবিৰ দৃষ্টিশক্তি যিমান তীব্র, শ্রবণশক্তিও সিমান তীক্ষ্ণ। দর্শন আৰু শ্রৱণ-এই দুয়োটা সতেজ, সবল ইন্দ্ৰিয়ৰ কাৰণেই যেন প্রকৃতিৰ লগত তেওঁৰ সম্বন্ধ ঘনীভূত হৈ উঠিছে:-

Therefore am I still

A lover of the meadows and the woods, And mountains; and of all the mighty world, Of eye and ear, both what they half create, And half perceive,.

-Wordsworth

'বহাগীব বিয়া', 'গোলাপ', 'গিৰিমল্লিকা', কবিতা কবিৰ নিৰীক্ষণ শক্তিৰ উজ্জ্বল চানেকি, আৰু 'কেতেকী', 'দহিকতৰা', 'প্রিয় বিহঙ্গিনী' তেওঁৰ শ্ৰৱণ-শক্তিৰ চৰম নিদর্শন। ঘ্রাণশক্তিও কবিৰ অতি প্রৱল।

হাচনাহানার তীব্র গোন্ধত সপোন বিভোৰ মাধৱী নিশা।

স্পর্শ অনুভূতিও তেওঁৰ অতি কোমল আৰু চঞ্চল-

তেজে ফুটো ফুটো কৰা সুকোমল অধৰত চুম্বন মদিৰা সুধা শ্ৰৱে প্ৰেম পৰশত।

কবিৰ ৰুচিজ্ঞানো অতি চমৎকাৰ:-

মধুপর্ক মধুৰসে মৃত সঞ্জীৱনী দিয়ে।

ঢালি দি সুৰভি ভাণ্ড গুচালা প্রাণৰ তৃষা।

সৌন্দর্য্যৰ সম্ভোগত উথলি উঠিল প্রাণ।

আৰু সকলোৰে ওপৰত হৈছে কবিৰ কল্পনাবল। সোণত সুৱগা চৰোৱাৰ দৰে কল্পনাৰ জীর্ণকৰী শক্তিয়ে ইন্দ্রিয়গ্রাহ্য আৰু বুদ্ধি প্রণোদিত ভাৱসমূহক এক অভিনৱ, অপার্থিব ৰূপত খোদিত কৰে। কল্পনা শক্তিত কবি চৌধাৰীয়ে অসামান্য প্রতিভাৰ পৰিচয় দিছে। ৰাতিপুৱাৰ হৃদয়গ্রাহী দৃশ্যটোকে কবিয়ে কল্পনাৰ বলত বিতোপন তুলনাৰদ্বাৰা অতি মনোৰন কৰি তুলিছে:-

কাষত মঙ্গল ঘট ফুলৰ কৰণি মিলি যত বনবাল। পিন্ধাইছে বনমালা। বুকুত সজাই দিছে দুগ, দুগিখনি ধৰিছে উষাই ৰূপ কণক বৰণী।

মৌচাকৰ পৰা টোপ টোপকৈ মৌ নিজৰি পৰাৰ নিচিনাকৈ কবি চৌধাৰীৰ কথাই কথাই কল্পনাৰ ৰস বিয়পি পৰে। উপমা, তুলনা, ৰূপক, লয়, ধ্বনি আদি শব্দালঙ্কাৰ আৰু অৰ্থালঙ্কাৰৰ সুদক্ষ প্রযোজনাৰ ফলত তেওঁৰ কবিতা অতিশয় চিত্তাকর্ষক হৈ উঠিছে। কল্পনাৰ মোহজাল গুঠি কবিয়ে যি কাব্য ৰসৰ সোৱাদ যাচিছে সি সহজে পাঠকৰ মনপ্রাণ আকর্ষণ কৰে আৰু তাৰে ফলত মনব মাজত স্থায়ী ভাৱৰ স্ফুৰণ হয়।

ৰূপ, ৰস, গন্ধ, গীতি আৰু স্পর্শ অনুভূতিৰ দ্বাৰা মানুহে বস্তু জগতৰ জ্ঞান আহৰণ কৰে। চকু-কাণ, নাক-মুখ, জিভা আদি ইন্দ্রিয়ৰ যোগেদি পোৱা এই সহজ জ্ঞানখিনি কবিসকলৰ কাৰণে ও অমূল্য সম্পদ। মন বুদ্ধিৰ সহায়ত এই সম্পদখিনিয়ে প্রসাৰ আৰু বিস্তৃতি লাভ কৰে। কিন্তু ইমানলৈকে কবি কেৱল যোগাৰীহে; যোগাৰৰ কাম যেতিয়া শেষ হয় তেতিয়া সৃষ্টিৰ কাম আৰম্ভ হয়। কবি এতিয়া শিল্পী, কাৰিকৰ:

But from these create he can Forms more real than living man, Nurslings of immortality!

-SHELLEY

কল্পনাৰ বলেৰে শিল্পীয়ে তেওঁৰ আহিলা পাতিৰ ৰূপ, গুণ, আকাৰ, পৰিমাণ নির্ণয় কৰে। কল্পনাই গঢ়ি দিয়া মানস চিত্রখনি কবিয়ে প্রকাশিকা শক্তিৰ গুণতে কাব্যৰূপে প্রকাশ কৰে। কাব্যব জন্ম ৰহস্যা সম্পূর্ণৰূপে ভেদ কৰা অসম্ভৱ। তথাপি সাধাৰণ ৰীতিবোৰৰ পিনে লক্ষ্য কৰিলে ধৰিব পাৰি যে ৰঘুনাথ চৌধাৰীৰ কবিতাত কাব্যিক সৌন্দর্যৰ অপৰূপ লয়লাস দেখিবলৈ পোৱা যায়। তেওঁ এজন সুন্দৰ যোগাৰী আৰু সুদক্ষ কাৰিকৰ। অকল প্রকৃতি-বিষয়ক কবিতাখিনিয়ে তেওঁৰ নাম যাউতিযুগীয়া কৰি ৰাখিব। প্রকৃতিক তেওঁ ভাল পায়। শৰীৰৰ প্রতিটো অঙ্গৰ দ্বাৰাই তেওঁ প্রকৃতিৰ তীব্র আকর্ষণ অনুভৱ কৰে। তেওঁৰ মনৰ প্রতিটো ভাবৰ লগতে প্রাকৃতিক সম্বন্ধৰ পৰা উদ্ভৱ হোৱা অনুভূতিসমূহ মিহলি হৈ আছে।

চৌধাৰী প্রকৃতিৰ মানুহ। প্রকৃতিৰ প্রতিটো কথাই তেওঁৰ মনোৰাজ্যত জিলমিল, ছিলমিল লগায়। এই পুষ্ট মনৰ লগত তেওঁৰ সবল কল্পনাৰ সমন্বয় ঘটিছে। আৰু, তেওঁৰ হাতত আছে বিপুল শব্দ সম্ভাৰ। সংস্কৃত, আৰৱী, পাৰ্চী , অসমীয়া কথিত আৰু লিখিত যিকোনো শব্দকে আৱশ্যক মতে তেওঁ অতি দক্ষতাৰে ব্যৱহাৰ কৰিব পাৰে। পর্যবেক্ষণ, চিন্তা, কল্পনা আৰু ভাৱ-তৰঙ্গৰ নিখুট ৰূপায়ণ-কৌশলৰ গুণত কাব্য সম্পূর্ণ হয়। ৰঘুনাথ চৌধাৰীৰ প্ৰকৃতি বিষয়ক কবিতাখিনি পূর্ণ পৰ্যায়ৰ কবিতা। ভাবৰ হিল্লোল, শব্দব ঝঙ্কাৰ, ছন্দৰ সাবলীল গতি, প্রকাশ ভঙ্গীৰ মাধুর্য, চিত্রকল্পৰ সৌন্দর্য, অনুভূতিৰ সূক্ষ্মতা আৰু কল্পনাৰ স্বচ্ছলতা-এই সকলো গুণৰ সমাবেশত চৌধাৰীদেৱৰ কবিতাই পূর্ণতা লাভ কৰিছে।

                                তথ্য সংগ্ৰহ - কবি চৌধাৰী আৰু চৌধাৰী দেৱৰ                                                              কবিতা।
                                প্ৰকাশক - শ্ৰী মনোৰঞ্জন দে 
                                পৃষ্ঠা -২-৮

Popular posts from this blog

বাইশৰ সংজ্ঞা

স্মৃতিৰ দাপোনত এক স্বৰ্ণিল অধ্যায়: টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ মোৰ যাত্ৰা আৰু অভিজ্ঞতা